গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদৰ পুনৰ নিৰ্ধাৰণ আৰু ব্লক পুনৰ গঠনৰ খচৰা অধিসূচনা
গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদৰ পুনৰ নিৰ্ধাৰণ আৰু ব্লক পুনৰ গঠনৰ খচৰা অধিসূচনা
জনসংযোগ, দৰং
প্ৰেছ বিজ্ঞপ্তি নং-১০৮/২০২৪
*গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদৰ পুনৰ নিৰ্ধাৰণ আৰু ব্লক পুনৰ গঠনৰ খচৰা অধিসূচনা
*
মঙলদৈ, ১৩ ছেপ্টেম্বৰ: দৰং জিলাৰ গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদৰ পুনৰ নিৰ্ধাৰণ আৰু ব্লক পুনৰ গঠনৰ বাবে অহা ১৭ ছেপ্টেম্বৰত খচৰা অধিসূচনা প্ৰকাশ কৰা হ'ব। অহা ১৮ ৰ পৰা ২০ ছেপ্টেম্বৰলৈ ব্যক্তি, সামাজিক সংগঠনসমূহে এই সন্দৰ্ভত নিজৰ মতামত, পৰামৰ্শ, আপত্তি আদি দাখিল কৰিব পাৰিব। ১৯ ছেপ্টেম্বৰৰ ভিতৰত স্বীকৃতি প্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ সৈতে এখন সভা অনুষ্ঠিত হ'ব। ২২ ছেপ্টেম্বৰৰ ভিতৰত এই সংক্ৰান্তত লাভ কৰা মতামত, পৰামৰ্শ আৰু আপত্তিসমূহ পৰীক্ষা তথা পৰ্যালোচনা কৰি শুনানিৰ বাবে দিন নিৰ্ধাৰণ কৰি ইয়াৰ বাবে জাননী জাৰি কৰা হ'ব। ২৩ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰৰ ভিতৰত ব্যক্তি আৰু সংগঠনসমূহৰ বাবে ক্ৰমে সুকীয়াকৈ তাৰিখ নিৰ্ধাৰণ কৰি জিলা পৰ্যায়ত বিধানসভা সমষ্টি অনুযায়ী শুনানি গ্ৰহণ কৰা হ'ব। যদি কিবা শুধৰণি থাকে ২৬ ছেপ্টেম্বৰৰ ভিতৰত সেই কাম কৰা হ'ব আৰু ২৭ ছেপ্টেম্বৰত চূড়ান্ত অধিসূচনা জাৰি কৰা হ'ব বুলি এক পত্ৰ যোগে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই জনাইছে।