বৃহত্তৰ সানোৱা অঞ্চলত গ্ৰীষ্মকালীন পাঠদান শিবিৰ আৰম্ভ
বৃহত্তৰ সানোৱা অঞ্চলত গ্ৰীষ্মকালীন পাঠদান শিবিৰ আৰম্ভ
বৃহত্তৰ সানোৱা অঞ্চলত গ্ৰীষ্মকালীন পাঠদান শিবিৰ আৰম্ভ-
বৃহত্তৰ সানোৱা অঞ্চলৰ অগ্ৰণী সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু ক্ৰীড়া আদিৰ দিশত অৱদান আগবঢ়াই অহা সানোৱা আঞ্চলিক ক্ৰীড়া আৰু যুৱ কল্যাণ সংস্থাৰ উদ্যোগত সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ শুভাৰম্ভণি কৰা হয় ৷সংস্থাটিৰ সভাপতি হামিদ আলিৰ সঞ্চালনাত অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠানটিৰ আঁত ধৰে বিদ্যালয়খনিৰ বিষয় শিক্ষক ফখৰুদ্দিন আহমেদে ৷অনুষ্ঠানটিত আমন্ত্ৰিত ব্যক্তি হিচাপে যোগদান কৰে বিদ্যালয়খনিৰ SMDCৰ সভাপতি চামছুল হক,
একাডেমিক ইনচাৰ্জ নাজিমুদ্দিন আহমেদ, সাতখলি হাই স্কুলৰ প্ৰধান শিক্ষক ৰুপাৰুদ্দিন আহমেদ, জয়মতী কুঁৱৰী হাই স্কুলৰ প্ৰধান শিক্ষক ইকবাল হুছেইন আৰু সমাজকৰ্মী, অৱসৰী ফ্লায়িং অফিচাৰ আলহাজ আফজল হুছেইনে ৷অনুষ্ঠানটিত আমন্ত্ৰিত ব্যক্তি সকলৰ বক্তব্যত ছাত্ৰ ছাত্ৰী সকলক নিজৰ জীৱনৰ লক্ষ্যত উপনিত হ'বলৈ অধ্যাৱসায়ী হোৱাৰ ওপৰত গুৰুত্ব দিয়ে আৰু ভৱিষ্যত জীৱনত সফলতা লাভ কৰিবলৈ হ'লে কঠোৰ পৰিশ্ৰম কৰিবলৈ উপদেশ প্ৰদান কৰে ৷সংস্থাটিৰ সাধাৰণ সম্পাদক চফিকুৰ ৰহমানৰ দ্বাৰা আয়োজিত উক্ত অনুষ্ঠানত আগন্তুক বৰ্ষবোৰত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ মাহযোৰাকৈ আয়োজন কৰা হ'ব বুলি সভাপতিয়ে কৰা ঘোষণাত উপস্থিত সদনে আদৰণি জনায় ৷