বাপুজী বালিকা বিদ্যালয়ত যাদুৰ আঁৰত বিজ্ঞান কাৰ্যসূচী

বাপুজী বালিকা বিদ্যালয়ত যাদুৰ আঁৰত বিজ্ঞান কাৰ্যসূচী
বাপুজী বালিকা বিদ্যালয়ত যাদুৰ আঁৰত বিজ্ঞান কাৰ্যসূচী

বাপুজী বালিকা বিদ্যালয়ত যাদুৰ আঁৰত বিজ্ঞান কাৰ্যসূচী

ছাত্ৰ ছাত্ৰী তথা সাধাৰণ ৰাইজৰ মাজৰ পৰা অন্ধবিশ্বাস আঁতৰাই বিজ্ঞান মনষ্কতা গঢ়ি তোলাৰ উদ্দেশ্যে অসম বিজ্ঞান সমিতিয়ে সমগ্ৰ অসমত চলাই আহিছে বিজ্ঞান জনপ্ৰিয় কাৰ্যসূচী। এই কাৰ্যসূচীৰে অংশ হিচাপে এইবেলি অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ পৃষ্ঠপোষকতাত বিজ্ঞান প্ৰচাৰত ডিজিটেল মাধ্যমৰ প্ৰয়োগ প্ৰকল্পৰ অধীনত আৰম্ভ কৰিছে যাদুৰ আঁৰত বিজ্ঞান নামেৰে এক সজাগতামূলক কাৰ্যসূচী। সেই মৰ্মে অসম বিজ্ঞান সমিতিৰ অন্তৰ্গত ছিপাঝাৰ শাখাৰ উদ্যোগত যোৱা দহ জুলাইত শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত বিজ্ঞান ভিত্তিক যাদু প্ৰদৰ্শনৰ এটি কাৰ্যসূচী বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়।

বিদ্যালয়খনৰ শিক্ষক হিৰণ্য কুমাৰ নাথ আৰু বিজ্ঞান কৰ্মী তথা অবসৰী শিক্ষক আলটাফ হুছেইন খণ্ডকৰে যাদু প্ৰদৰ্শন কৰি সকলোকে আমোদ দিয়ে। খালী কলহৰ পৰা পানী উলিওৱা, জুয়ে নোপোৰা কাপোৰ, যাদুকৰী দণ্ডৰ গতি, দিয়াশলাই নোহোৱাকৈ জুই জ্বলোৱা, হঠাতে অন্তৰ্ধ্যান হোৱা বল, ঘনে ঘনে ৰং সলোৱা পানী, অপৰাধী চিনাক্ত হ'ল , তিতা বালিত জুই লগা, কাগজ দহন কৰি অনেক সামগ্ৰী উলিওৱা, কটা ৰছী জোৰা লগোৱা আদি অনেক যাদু প্ৰদৰ্শনৰ অন্তত যাদু সমূহৰ আঁৰত থকা বিজ্ঞানৰ তাত্বিক দিশ সমূহৰ বিষয়েও সমল ব্যক্তি সকলে ব্যাখ্যা আগবঢ়াই ছাত্ৰ ছাত্ৰী সকলক বিজ্ঞানৰ প্ৰতি ধাউতি বঢ়োৱাৰ লগতে বিজ্ঞান মানসিকতা গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা কৰে। বিদ্যালয়খনত চলি থকা গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ অংশ হিচাপে এই কাৰ্যসূচীট গ্ৰহণ কৰা হৈছিল। এই অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অসম বিজ্ঞান সমিতি, ছিপাঝাৰ শাখাৰ অন্যতম সদস্য দিলীপ কুমাৰ শইকীয়া আৰু কৈলাশ শৰ্মা উপস্থিত আছিল। 

অনুষ্ঠানটি অনুষ্ঠিত কৰাত সহযোগিতা আগবঢ়াই দিপীলা আৰু হেঙালপাৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক বৰুৱাই।