দৈনিক ৰাশিফল
দৈনিক ৰাশিফল
*দৈনিক ৰাশিফল*
শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:
৭ আঘোন, শুক্ৰবাৰ ইং ২৪ নৱেম্বৰ ২০২৩ ।
*সূৰ্য্যোদয়* ঘ:- ৫/৫২/৪১ *সূৰ্য্যাস্ত* ঘ:- ৪/২৭/৩৮
*ৰাশি:-* মীন ৰাশি। ঘ:- ৩/৫৭/৪৭ যোৱাত মেষ ৰাশি।
*তিথি :-* শুক্লা দ্বাদশী। স:ঘ:- ৬/১১/৫৭ লৈ।
*নক্ষত্ৰ :-* ৰেৱতী। দি:ঘ:- ৩/৫৭/৪৭ লৈ।
*শুভ সংখ্যা:-* ৬/২
*শুভ ৰং:-* চিত্ৰ বিচিত্ৰ/ বগা ।
*আদ্যঋতু হলে :-* দু:শীলা যোগ।
*মৰণত দোষ*:- এপদ। স:ঘ:- ৬/১১/৫৭ যোৱাত নাই।
*যাত্ৰা:-* নৈঋত কোনত নাই । স:ঘ:-৬/১১/৫৭ যোৱাত দক্ষিণ নাই।
*যোগিনী* :- নৈঋত কোনত । স:ঘ:-৬/১১/৫৭ যোৱাত দক্ষিণ ।
*ভক্ষাভক্ষ্য* :- পূৰৈ শাক খোৱা নিষেধ। স:ঘ:- ৬/১১/৫৭ যোৱাত বেঙেনা খোৱা নিষেধ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত মনত আনন্দ বাঢ়িব, ধন ধান সঞ্চয় কৰিবলৈ আগ্ৰহ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে বন্ধুৰ লগত বিশ্চেদ ঘটিব বা মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত দ্ৰব্য লাভ কৰিব, কৰ্মত মধ্যম ফলাফল লাভ কৰিব, যদিও আজি আপোনাৰ মনতো বিষন্ন কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিব চেষ্টা কৰিব।
৩. *মিথুন ৰাশি*(ক,ছ):- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব, আৰ্থিক দিশটো শুভ বুলি কব পাৰি লগতে আজি আপোনাৰ হাতলৈ ধন ধান আহিব, যদিও আজি আপোনাৰ মনৰ আশা ভংগ হব পৰা কৰ্মৰ পৰা আতৰি থাকিব চেষ্টা কৰিব।
৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো শুভ হ'ব, নতুন নতুন বস্ত্ৰ লাত কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব পাৰিব, কৰ্মবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি অপমানিত হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ মনোনিবেশ হ'ব, ভাল কৰ্মত উপস্থিত থাকিব সুযোগ সুবিধা লাভ কৰিব, পাৰিবাৰিক সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, ধন সম্পত্তি নাশ হব পাৰে, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ পঢ়া শুনাত ব্যস্ততা বাঢ়িব,মনত উৎসাহ বাঢ়িব , কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সকলো দিশতে উন্নতি সাধন হব, পুৰণি বিবাদ নিষ্পত্তিৰ কৰিবলৈ সক্ষম হব, লগতে আজি আপুনি দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত জেষ্ঠ্য ব্যক্তিৰ পৰা মৰম- চেনেহ, সু: পৰামৰ্শ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য কষ্টৰ সন্মুখীন হৱ পাৰে, লগতে আজি আপুনি কৰ্মত সজাগ নহ'লে বাক স্বাধীনতা হেৰুৱাৱ পাৰে।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত ভাল সংবাদ লাভ কৰিব, প্ৰেম আৰু কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, লগতে আজি আপোনাৰ মনটো সামান্য চঞ্চল হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব, যদিও আজি আপুনি ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হ'ব লগতে আজি আপুনি সজাগ নহ'লে আপোনাৰ মনটো সামান্য উদ্বিগ্নতাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
( *বি:দ্ৰ:-* আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
*জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা*
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
ফোন:- 9101096481
9577136205