দৰঙৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত কেঞ্চাৰ সজাগতা সভা

দৰঙৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত কেঞ্চাৰ সজাগতা সভা

দৰঙৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত কেঞ্চাৰ সজাগতা সভা
দৰঙৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত কেঞ্চাৰ সজাগতা সভা

দৰঙৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত কেঞ্চাৰ সজাগতা সভা আৰু প্ৰাথমিক স্বাস্থ্য পৰীক্ষা,কেঞ্চাৰ স্ক্ৰীনিং????
দৰঙৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্প সমিতিৰ উদ্যোগত আৰু দৰং কেঞ্চাৰ কেন্দ্ৰৰ সহযোগত গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত কেঞ্চাৰ সজাগতা সভা,প্ৰাথমিক স্বাস্থ্য পৰীক্ষা আৰু কেঞ্চাৰ স্ক্ৰীনিং কাৰ্যসূচী অনুস্থিত হয় ।

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত জৰিত হৈ থকা প্ৰায় দুই শতাধিক কৃষক সৈনিক বন্ধুৰ উপস্থিতিত অনুষ্ঠিত হোৱা কেঞ্চাৰ সজাগতা সভাত উপস্থিত থাকি বক্তব্য আগবঢ়াই প্ৰথমে আদৰণি ভাষণ প্ৰদান কৰে গৰুখুটি বহুমুখী কৃষি প্ৰকল্প সমিতিৰ মূখ্য কাৰ্যবাহী বিষয়া উদ্দীপ্ত গৌতমে । গৰুখুটি বহুমুখী কৃষি প্ৰকল্প সমিতিৰ সদস্য দীপাংকৰ নাথে আঁত ধৰা কেঞ্চাৰ সজাগতা সভাত উপস্থিত থাকি দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক ডা০ ছহিদুল ইছলামে কেঞ্চাৰ ৰোগৰ লক্ষণ সমুহৰ বিষয়ে অৱগত কৰাৰ লগতে কেঞ্চাৰ ৰোগৰ সাৱধানতা অবলম্বন কেনেদৰে কৰিব লাগে আৰু অৰেল কেঞ্চাৰ,মুখৰ কেঞ্চাৰ,ডিঙিৰ কেঞ্চাৰৰ সকলো কেঞ্চাৰ ৰোগৰ বিষয়ে অৱগত কৰাৰ লগতে সাৱধানতাৰ ওপৰত সকলো দিশ ব্যক্ত কৰে আৰু সাৱধানতাৰ বক্তব্য আগবঢ়াই। সভাত উপস্থিত থাকি দৰং কেঞ্চাৰ কেন্দ্ৰত উপলব্ধ সকলো চিকিৎসা আৰু পৰীক্ষা সমূহৰ বিষয়ে সকলোকে অৱগত কৰে দৰং কেঞ্চাৰ কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শইকীয়াই।

দৰং কেঞ্চাৰ কেন্দ্ৰৰ জিলা সমন্বয় দীপমনি শৰ্মা,নাৰ্চিং অফিচিৰ জেচমিনআৰা বেগম,নয়না শৰ্মা,জুৰী ডেকা,মিতালী বৰুৱাৰ লগতে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ জি এন এম নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰৰ কেইবাগৰাকীমান উপস্থিত থাকি কেঞ্চাৰ সজাগতা সভাত উপস্থিত থকা লোক সকলক কেঞ্চাৰ‌ ৰোগৰ সজাগতা,সাৱধানতাৰ উপৰত অৱগত কৰাই আৰু কেঞ্চাৰ স্ক্ৰিনিং ৰ লগতে প্ৰাথমিক চিকিৎসা সেৱা প্ৰদান কৰে। প্ৰায় দুই শতাধিক উপস্থিত থকা ৰাইজক কেঞ্চাৰ সজাগতা ৰ উপৰিও উপস্থিত থকা সকলক পেচাৰ পৰীক্ষা,চুগাৰ পৰীক্ষা,হিমগ্লৱীন পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনী ঔষধ প্ৰদান কৰে ।

কেঞ্চাৰ সজাগতা সভা আৰু স্ক্ৰীনিং,প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ কাৰ্যসূচীত উপস্থিত থাকে গৰুখুটি বহুমুখী কৃষি প্ৰকল্প সমিতিৰ অধ‌্যক্ষ তথা বিধায়ক পদ্ম হাজৰিকা,দৰঙৰ আয়ুক্ত পৰাগ কুমাৰ কাকতি,অতিৰিক্ত আয়ুক্ত মানস কুমাৰ শইকীয়া,গৌৰী প্ৰিয়া দেৱী,উপাসনা দত্ত,চিকিৎসক ডা০ যুগ্ৰৱত নাথৰ লগতে কেইবাগৰাকীও প্ৰশাসনিক বিষয়া,গৰুখুটি বহুমুখী কৃষি প্ৰকল্প সমিতিৰ সদস্য ৰ লগতে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে।